Friday 13 November 2015

কথা আছিল .....

তেতিয়া কথা আছিল
ধুমুহাৰ মাজত
থিয় হৈ থকাৰ
তেতিয়া কথা আছিল
শুকুলা মেঘত 
এখন ঘৰ পতাৰ
তেতিয়া কথা আছিল
জোনাক ৰাতি
ৰিব ৰিব বতাহচাতিক
ভালপোৱাৰ সপোন দেখুওৱাৰ..
সেমেকে আজিও চোতাল
সামাজিকত নেদেখো আকাল ..
খেতিত যে
নামিছে বান
উদং আজি
ভড়ালৰ ধান ...
সপোন আজিওঁ দেখো
বেৰৰ জলঙাৰে
জোনাক দেখো..
নিলাজ বৰষুণে তিয়াই
নিহালিৰ এবুকু অভিমান..
পাহৰা নাই ..
সপোন আজিওঁ দেখো
সপোন …
সোণোৱালী শইচ চপোৱাৰ..
সপোন …
এসাজ কাপোৰ লোৱাৰ..
আৰু সপোন …
জীয়াই থকাৰ..
সোৱৰণী আজি
সেমেকা গধূলি
তেতিয়া কথা আছিল
ধুমুহাৰ মাজত
থিয় হৈ থকাৰ
তেতিয়া কথা আছিল
শুকুলা মেঘত
এখন ঘৰ পতাৰ..
তেতিয়া কথা আছিল!!!

No comments:

Post a Comment