Friday 13 November 2015

~~~ ফেহুজালি ~~~

সৌ ক্ষিতীজত 
থাকিব জিলিকি
হেঙুলীয়া তোৰ 
সপোনৰ বেলি
এতিয়া মাথো ফেহুজালি ..
ভাগৰি নপৰিবি
এতিয়া মাথো ফেহুজালি ..
এতিয়া ঘামৰ গোন্ধ ..
এতিয়া এলান্ধুৰ জোন
এতিয়া আকাশ আন্ধাৰ
এতিয়া অচিনাকি
সপোনৰ হাহাকাৰ
এতিয়া অকলে
জ্বলাৰ সময় ..
সপোন থাকিব দে
এনেকৈয়ে ...
আৰু মই ?
মই ছাঁ ..
পৰিচয়বিহীন ...
ঠিকনাবিহীন ...
অস্তিত্ব মোৰ
এতিয়া আন্ধাৰ ..
লগ নেৰো মই ..
উশাহ থাকে মানে
সপোন থাকিবলৈ দে
এনেকৈয়ে ...
মই ছাঁ তোৰ
বলীয়া ধুমুহাৰ..
উদাসীনতাৰ ..
কিমান যুঁজৰ
কিমান পৰাজয়ৰ...
কিমান চকুলোৰে
সেমেকা সপোনৰ..
সপোন থাকিবলৈ দে
এনেকৈয়ে ...
আৰু মই ?
মই ছাঁ তোৰ..
হেঙুলীয়া ৰঙৰ তোৰ
সপোনৰ বেলি
ভাগৰি নপৰিবি
এতিয়া মাথো ফেহুজালি ..
এতিয়া ফেহুজালি ..

No comments:

Post a Comment