Friday 13 November 2015

সেন্দুৰ সনা সূৰুয আছে তাত....

সেন্দুৰ সনা সূৰুয
আছে তাত..
এবুকু জোনাকে
নাচে তাত ..
মৰমৰ তাগিদাত
বাট চাই
মনে মনে
অভিমানী অলেখ তৰাই..
মইও বহি ৰও
কাষতে সদায়..
চকামকা বাটবোৰ
কুৱলিত হেৰাই..
তাৰ পাছত অপেক্ষা
অপেক্ষা সূৰুযৰ
অপেক্ষা সপোনৰ
অপেক্ষা আশাৰ..
অপেক্ষাৰ অযুত প্ৰহৰ
যি পোৱা নাই কেতিযাও..
নকবা তাক
পোহৰৰ কথা..
উৰি যায়
কমুবা তুলা
মৰম..
মাথোন মৰম ৰৈ যায় ..
বুকুত সদায় ..
নকবা আনক..
সেন্দুৰ সনা সূৰুয
আছে তাত..

No comments:

Post a Comment