Friday 13 November 2015

.. শৰৎ . .

অভিমানৰ ওৰণি টানি
জোনটোৱে ঘূৰি চালে ..
দুৱৰিৰ বুকুত আজি 
নিয়ৰে টোপাল সিঁচে ..
পদুলিমুখত আকৌ শৰৎ ..
এয়া যে শৰৎ !!
শিহৰিত বতাহজাকে
শেৱালীৰ মালা গাঁঠে..
ঢিমিক ঢামাক
ক'ৰবাত আন্ধাৰত
এটা চাকি জ্বলে ..
পথাৰখন এতিয়া মুকলি
ধূসৰিত অতীত আৰু
সম্ভাৱনাৰ সাঁকোবোৰে
দোলা দিয়েহি তাত ...
চকামকা এটা বাট
দীঘল ..
জুখিব নোৱাৰা ..
আহিবা..
কথা পাতিম ..
এইয়া যে শৰৎ ..
বুকুত সপোনৰ
কাৰেং সজা
এয়া যে শৰৎ ..
অভিমানৰ ওৰণি গুচাই
এমুথি সপোন সিঁচা
এয়া যে শৰৎ ..
পদুলিমুখত আজি
আকৌ শৰৎ ..

No comments:

Post a Comment