Wednesday 2 October 2013

কথা পাতিম..

ভাগৰ লাগিলে
উভতি আহিবি
কথা পাতিম.. 
তোৰটো এতিয়া 
সময় নাই ..

এতিয়া চাৰিওফালে
জুই,মাথো জুই 
এজাক শিয়াল 
ৰৈ আছে 
দাঁত নিকতাই ..
সিহঁতে পাতিব হেনো
এটা ডাঙৰ ভোজ ..
হৈ আছে চাৰিওফালে
ভোজৰ যোগাৰ..

তোৰ যেতিয়া
আমনি লাগিব
জুই জ্বলাই..
তেতিয়া আহিবি
এতিয়াটো তই
জ্বলোৱা জুইলৈ
আইৰো ভয় লাগে ..
ঘৰখনত আজি
একো নাই ,
মৰিশালী হেন হল
তই এতিয়া নুবুজিবি..

তই আৰু মই ..
আমিহে সাজিছিলো
কাঠ কঢ়িয়াই
হাজাৰটা বছৰ লাগিছিল
তোৰ চাগে
মনত আছে ..
কেলেই নাথাকিব ?
আমাৰ নিমখীয়া ঘামবোৰ
এতিয়াও চোতালত গোন্ধাই ..

এহঃ বাদ দে সেইবোৰ
সময় যে
সলনি হল ..
শান্তিৰ চৰাইজনীৰ মাংস
এতিয়া কেজি হিচাপে
বিক্রী হয়
কম দামতে ..
যতে ততে ..

ছাইবোৰ ঠাণ্ডা হলে
এবাৰ আহিবি
কথা পাতিম

কথা পাতিম
কেনেকৈ গঢ়িব পাৰি
আকৌ পঁজাটো ...
কেনেকৈ নাশিব পাৰি
আইৰ বুকুৰ আন্ধাৰ ..
কেনেকৈ আকৌ
আতি আতি
বান্ধিব পাৰি
বিশ্বাসৰ বান্ধোন
সম্প্রীতি আহি
বহিবই বা কত
আৰু বহুত আছে
বহুত কথা ..

ভাগৰ লাগিলে
উভতি আহিবি
কথা পাতিম..

No comments:

Post a Comment