Wednesday 2 October 2013

টোপনি গৈছিল বননিডৰা ..

চিলমিলকৈ টোপনি 
গৈছিল বননিডৰা .. 
উৎপতীয়া নিয়ৰৰ আমনিত 
টোপনি ভাগিছিল 
চোতালখনৰ.. 
আজি কিন্তু
নিৰৱতা ভঙাৰ 
অপচেষ্টাত লিপ্ত 
হোৱা নাই বতাহজাক .. 
ইমান শান্তি , 
ইমান নিৰৱতা ..
চোতালত আজি
সেমেকা শৰতৰ
নিৰৱ আখৰা ..
আকাশৰ তৰাবোৰেও
জুমি জুমি চাই..
পৃথিৱীখন আজি কিয়
ইমান ধুনীয়া ?
আইৰ কোলাৰ
দৰে উমাল,
বহল আকাশৰ
দৰে উদাৰ ..
যত নিৰভয়ে আশ্রয় লয়
দিনৰ ভাগৰে ..

নিৰৱতা ভাঙি
হঠাৎ সৰি পৰিল
এধানমান জোনাক
বিচাৰি চালো ..
ওহো..নহয় দেখোন
জোনাকতো নহয় ...
এইয়া যে
শেৱালি ফুলাৰ বতৰ
শেৱালিৰ প্রথমপাহ ফুলে
তেতিয়াও হাঁহি আছিল
মোলৈ চাই চাই..

হয়,শৰৎ আহিছে
শেৱালিৰ হাতত ধৰি ...
মোৰ পদুলিত
জোনাক চতিয়াবলৈ ...
পোহৰৰ মেলা পাতিবলৈ ..

No comments:

Post a Comment