Saturday 5 October 2013

যিবোৰ পথত পৰি ৰয় কৃষ্ণচূড়া..

যিবোৰ পথত 
পৰি ৰয় কৃষ্ণচূড়া..
যিবোৰ পথত
সজাই থোৱা থাকে 
মৰমৰ সজীৱ দলিচা 
সেইবোৰ পথৰ
পথিক হব খোজে ?

নাই,মোক নুসুধিব 
মইতো নাজানো 
সিহঁতৰ ঠিকনা ...
বুজি নাপাওঁ
কিয় বাৰে বাৰে
মোকেই সোধে আপুনি
যাচি দিয়ে
মৰমৰ উপঢৌকন ..
কয় মোক
কিমান আশাৰে
আহিছে বগুৱা বাই
ইমান দূৰ ..

মই কি কৰিম কওঁক
মইও নিৰুপাই ...
কেনেকৈ কওঁ
আপুনি দেখা
কৃষ্ণচূড়াবোৰ কেনেকৈ
ৰঙা হয়
প্রেমিক চৰাইবোৰৰ
তেজত তিতি ..
কেনেকৈ কওঁ
কিমান নিৰাশা
লুকাই থাকে
আপুনি দেখা
নিমজ দলিচাখনত

আপোনাক নিৰাশ
কৰা নাই
কিন্তু এটা কথা
ইমান সহজ নহয় ...

ইমান সহজ নহয়
খোজ পেলোৱাটো
সেইবোৰ পথত...
যিবোৰ পথত
পৰি ৰই
তেজৰঙা কৃষ্ণচূড়া..
যিবোৰ পথত
সজাই থোৱা থাকে
মৰমৰ সজীৱ দলিচা ..
যিবোৰ পথ
দূৰণিৰ পৰা দেখাত
আপোন যেন লাগে
যিবোৰ পথত
আপুনি এখন
হৃদয় বিচাৰে...

আপুনি হইতো নাজানে
আপুনিও এদিন
বহি পৰিব
মোৰ কাষতে
সেই পথৰ দাতিতে
পৰি ৰই যত
অলেখ তেজৰঙা
কৃষ্ণচূড়া..

নাই,মোক নুসুধিব
মইতো নাজানো
সিহঁতৰ ঠিকনা ..

No comments:

Post a Comment