Monday 7 October 2013

স্ত্রিটলাইট

এই দুৱাৰখনৰ সিপাৰে 
এখন কলা 
আকাশ আছে 
জানো মই..

চাৰিআলিৰ স্ত্রিটলাইট 
কেইটাই অশেষ 
চেষ্টা কৰে
নোৱাৰে খেদিব
মোৰ দৰেই ..
নিৰুপাই সিহঁতো
আচলতে ভয়
নকৰো আমি ,
আন্ধাৰবোৰটো আমাৰ
পুৰণা সহচৰ ..
তথাপি পলাও
বহি ৰও
মনে মনে ...
পোহৰৰ সতে
অবৈদ্ধ আলাপত
আমি যে
সদাই নিমগ্ন ...

কি আচৰিত ,
মৃত্যুৰ দৰেই
মানি নলও
আন্ধাৰৰ অস্তিত্ব ...
জানো ...
কঢ়িয়াই ফুৰো আন্ধাৰ
সাৱতি থাকে
যি গভীৰ অনুৰাগেৰে
আত্মীয়ৰ দৰে ..

যদিওবা ষড়যন্ত্র কৰো
প্রতিটো প্রহৰ
আন্ধাৰ খেদাৰ ..
যদিওবা বাৰে বাৰে
পোহৰ বিচাৰো
প্রেমিকাৰ দৰে
আচলতে আমি
একো একোটা স্ত্রিটলাইট
আন্ধাৰৰ মাজতে
জীয়াই থাকো
পোহৰ বিলাই,
পোহৰৰ সাধু শুনাই ..
অজানিতে নিতৌ
কঢ়িয়াও আন্ধাৰ
মৃত্যুৰ দৰে..

এই দুৱাৰখনৰ সিপাৰে
এখন কলা
আকাশ আছে
জানো মই..

No comments:

Post a Comment