Saturday 26 April 2014

এই পোছাকযোৰ পিন্ধি 
অকলে বহি 
ৰ'ম এদিন 
দুঃখৰ নদীখনৰ কাষতে.. 
এই হৃদয়খন পিন্ধি 
বহি থাকিম 
এদিন অকলশৰে
ক'লা পাহাৰটোৰ কাষতে ..

হৃদয় এখন
কঢ়িয়াই ফুৰো অকাৰণে..
চুম্বকৰ দৰেই সি
টানি ফুৰে
আবেগ ,আশা আৰু বেদনা
আচলতে চকু মুদি
খোজকাঢ়িব জনা মানুহবোৰ
সুখত থাকে সদায় ..
সিহঁত গান্ধীৰ বান্দৰ !!
চিকমিকিয়া পোছাকৰ তলত
আন্ধাৰবোৰ লুকুৱাই
সভ্য হয় সমাজ..
সিহঁতে আন্ধাৰবোৰ নেদেখে ,
সিহঁতে বেয়াবোৰ নাচায় ..

বেয়া নাচাবা ,
বেয়া নুশুনিবা আৰু
বেয়া ন'কবা ..
বাহঃ কি
সুন্দৰ সমিধান !!
সুখী হ'বলৈ
মাথো ৰঙীন
পৃথিবীখন চাওঁক
সুখী হ'বলৈ
মাথো বোবা
পুতলা হওঁক ...
সুখী হ'বলৈ
নিদিব কাকো
প্রেমৰ নামত হৃদয় ..
সুখী হ'বলৈ
নুশুনিব কাহানিও
ক্রন্দনৰত হৃদয়ৰ
কাঁতৰ চিঞৰ ..

ভাবিছো ...
সুখী নহওঁ কেতিয়াও
পিন্ধি ল'ম
এযোৰ দুঃখৰ পোছাক
বেদনাই লেতেৰা কৰা..
এই পোচাকযোৰ পিন্ধি
বহি ৰ'ম এদিন
দুঃখৰ নদীখনৰ কাষতে
এই হৃদয়খন পিন্ধি
বহি থাকিম
এদিন অকলশৰে,
ক'লা পাহাৰটোৰ কাষতে ..

No comments:

Post a Comment