Saturday 26 April 2014

ভাবিছিল সি

অভিমানী সময়ৰ 
চোলাটো খামুচি 
ভাবিছিল সি ,
জিৰাব এখন্তেক 
সময়ৰ কোলাতে.. 
ক'ব সি , 
উশাহ বন্ধ
হয় তাৰ
এই অন্তহীন দৌৰত..
সি আজিকালি
শুব নোৱাৰে!
তাৰ উশাহবোৰ হৈ
পৰে আৱৰ্জনা ..
বুকুখন পৰি ৰয়
অচিনাকী বেদনাৰ
সেমেকা ডাষ্টবিনটোত
অকলেই...

মুকলি আকাশখন
মাথো ওলমি ৰয়
দুচকুৱে ঢুকি পোৱাকৈ
সি খেপিয়াই
মাথো খেপিয়াই..
আজুৰিব খোজে
এমুঠি নীলা ..
ইমান সহজতো নহয় !
ইমান সহজ নহয়
নিজৰ বুকুতে
নিজক হেৰুওৱা ..
ইমান সহজ নহয়
আন্ধাৰৰ স'তে
বহি থকা
ওৰেটো নিশা..
ইমান সহজ নহয়
চকুপানীৰ কৌতুক শুনোৱা
ওপচা হাঁহিৰে
মেৰিয়াই মেৰিয়াই..

জীৱনক চিঞৰে সি -
"ঐ জীৱন...
ক'ত লুকাৱ তই ?
এবাৰ জুমি চা,
বুকুত অঙঠা থাকোতেই
এবাৰ জুমি চা
এদিন জ্বলিম অকলে
তই নোহোৱাকৈ
আজি,মাথো আজি
এবাৰ জুমি চা"

অভিমানী সময়ৰ
চোলাটো খামুচি
ভাবিছিল সি ,
জিৰাব এখন্তেক
সময়ৰ কোলাতে..

No comments:

Post a Comment