Wednesday 5 February 2014

চোলা

মই তাতেই থাকো!
তই দি যোৱা 
চোলাটোতে সোমাই, 
ৰ'দ, বৰষুণত 
নিজক খেপিয়াই 
খেপিয়াই... 
তই ক'ত ?
ক'ত পলাৱ তই..
শুনিছ নে ?
জীৱন ...
অ'ই জীৱন ..

তোৰ তাড়নাত
চেনেহৰ বাগিচা সজাওঁ,
তোৰ তাগিদাত
আৰি লওঁ
এখন ৰঙা
ৰঙৰ কলিজা,
সুখৰ বিজ্ঞাপনেৰে সজাই..
নাজানো কিয়
বাধা দিওঁ
নিৰাশাৰ নদীখনৰ
সহজ সোঁত ...
নাজানো কিয়
বিচাৰি ফুৰো
ফটা চোলাৰ
হেৰোৱা জেপ ..
শুনিছ নে ?
জীৱন ...
অ'ই জীৱন ..

তই জান',
তোক বিচাৰি
ক্লান্ত আজি
পছিমৰ আকাশৰ
ভাগৰুৱা বেলি,
তই জান',
আজিও বিচাৰো তোক
অচিন চহৰৰ
উদাস গলীত..
যাযাবৰ সন্ধিয়াবোৰে
তোৰ নামত
সাৰ পাই উঠে,
চিঞৰি উঠে
অবোধ হৃদয়ৰ
মৌন কোলাহলে..
তোৰ তলমল
দুচকুত নিতৌ
হেৰুৱাও নিজক ..
তোৰ প্রেমত
পৰিছো নেকি ?
প্রেমত পৰিছো নেকি!
শুনিছ নে ?
জীৱন ...
অ'ই জীৱন ..

মই তাতেই থাকো!
তই দি যোৱা
চোলাটোতে সোমাই..

No comments:

Post a Comment