Thursday 13 February 2014

দুঃখৰ আকাশবোৰ কেতিয়াবাই বিক্রী হ'ল

সুখৰ শেতেলিত 
শুব নজনা মানুহবোৰে 
দুঃখৰ আকাশ বিচাৰি 
হাহাকাৰ কৰে ..
দুঃখৰ আকাশবোৰ 
কেতিয়াবাই বিক্রী হ'ল 
সিহঁতে কিজানি নাজানে !!

সুৰাৰ পিয়লা
হাতত লৈ
দুঃখৰ চা বিচাৰি
হাবাথুৰি খোৱা
মানুহৰ বাবে
আজি আৰু
ঠাই নেৰে
ভোকৰ পদ্য আওঁৰোৱা
শুকান দেহাই ..
আচলতে সুখৰ
সপোন দেখা মানুহবোৰৰ
দুঃখ বিলাসীতাত
অভ্যস্ত আজি
বাটৰ আন্ধাৰ...
যিবোৰ আন্ধাৰ সাৱতি
দিনে নিশাই
বহি থাকে
এজাক মানুহ আৰু
মলিয়ন এটা জোন ..
যিবোৰ আন্ধাৰত
লুকাই থাকে
কিছুমান নিদ্রাহীন চকু ,
এটা ভোকাতুৰ পেট
আৰু জীয়াই থকাৰ
এখন নিৰন্তৰ যুঁজ..

দুঃখ পণ্য নহয়!
দুঃখ দোকানত নাপায় ..
দুঃখৰ আকাশবোৰ
কেতিয়াবাই বিক্রী হ'ল
সিহঁতে কিজানি নাজানে !!
নাজানে সিহঁতে..

No comments:

Post a Comment