Thursday 13 February 2014

ৰঙীন বাসিন্দা...

আপুনি সপোন নগৰীৰ 
ৰঙীন বাসিন্দা... 
আপোনাৰ বাবেই 
গাভৰু হয় চহৰখন,
নিতৌ নতুন ৰঙেৰে!! 
মোক ন'কবচোন... 
সপোন বুটলিব নজনা
অপদাৰ্থ বুলি!
মোৰো আছে সপোন ..
মোৰ সপোনবোৰ
চহৰৰ পৰা
দুৰৈত থৈ আহিছো,
আনৰ পৰা
লুকুৱাই থৈ আহিছো ,
শুৱাই থৈ
আহিছো নিৰৱে,
বুকুৰ মাজত ..

শুনিছো,সপোনবোৰ
চুৰি হয়
এই চহৰত ,
প্রায়ে পৰি থাকে
কাৰোবাৰ ভগা সপোনৰ
মলিয়ন খোলা ..
দেখিছেনে আপুনি ?
আপুনিও বাৰু
ৰঙীন সপোনৰ
নিঃস্ব গৰাকী নেকি?
আবেগ বেচি
চহকী হোৱা
ৰঙীন মানুহ!!

কি ক'লে?
সপোনে কঢ়িয়াই মাথো
এবুকু বিষাদ ...
বিষাদ নাথাকিলে
আমি যে
জীয়াই থাকিব নোৱাৰো ..
বিষাদৰ আবেশত মন্ত্রমুগ্ধ
আমাৰ কলিজাৰ
প্রতিটো স্পন্দন..
আপুনি বাৰু
কান্দিব জানেনে ?
হাঁহিব?
আহক...
এবাৰ কান্দো একেলগে ..
এবাৰ জুলুৰি
জুপুৰি হওঁ
বিষাদৰ নেদেখা নৈত..

সপোন হেৰুওৱা
মানুহবোৰে হেনো
কান্দিব নেজানে ..
সঁচা জানো!!!!
আহকচোন,
এবাৰ কান্দি
চাওঁ একেলগে ..

আপুনি সপোন নগৰীৰ
ৰঙীন বাসিন্দা...
আপোনাৰ বাবেই
গাভৰু হয় চহৰখন,
নিতৌ নতুন ৰঙেৰে!!

No comments:

Post a Comment