ফাগুন তাইৰ দৰেই...
জাধলী,আউলী-বাউলী ..
বুকু ভাঙি
সোমাই আহে
ধুমুহা হৈ,
কলিজাত আবেগ
হৈ গজে,
মৰম হৈ ফুলে..
বিচ্চুৰিত মৰমৰ
টুকুৰাবোৰ চতিয়াই
দৌৰ মাৰে
দূৰ সীমনালৈ
আবেগবোৰ কিয় জানো
বুকুত বান্ধি লৈ ..
চঞ্চল ফাগুন!!
আবেগৰ ফাগুন!!
উৰুঙা বেলিটোৱে
মনে মনে কয় ..
ফাগুন তাইৰ
দৰেই জাধলী ,
আউলী বাউলী ..
No comments:
Post a Comment