Thursday, 13 February 2014

অ'ই নিলাজ ফাগুণ..

অ'ই নিলাজ ফাগুণ..
অ'ই বলীয়া ফাগুণ...
তোৰ চঞ্ছল দুচকুত
আজি আকলুৱা
মৰম উৰে ,
কমুৱা তুলা হৈ .. 
তোৰ দুৰ্বাৰ গতিত
উতনুৱা হৈ উঠে
ভালপোৱাৰ এখন
সাথৰ নৈ ..
তোৰ বাবেই তাই
আউলী বাউলী হয়,
তোৰ উচতনিতে
সাৰ পাই উঠে
নিৰব নিশাৰ
উদাস হৃদয়..
তোৰো যে আছে
এটা অভিমানী মন!
তোৰো যে আছে
এখন উদং বুকু!
তোৰো যে আছে
এটা উদাস হাঁহি!
মই জানো,
তই নৰৱ থমকি ..
অ'ই নিলাজ ফাগুণ..
অ'ই বলীয়া ফাগুণ...

তোৰ অশান্ত খোজত
পলে পলে
ভাগে তাইৰ
আবেগৰ একেখন আকাশ..
তোৰ বেপেৰোৱা চাৱনিত
হেৰুৱাই তাই
পোহৰ পোহৰ
মৰমৰ এবুকু জোন ..
মোৰে শপত ,
নাহিবি তই,
সোৱৰণীৰ ধূলিয়ৰী বাটেৰে
আকৌ উজাই ...
নাহিবি আকৌ
উচন কৰিবলৈ,
শুকান পাতত
লুকুৱাই থোৱা
তাইৰ একেখন
আলসুৱা হিয়া..
অ'ই নিলাজ ফাগুণ
অ'ই বলীয়া ফাগুণ!

মোৰে শপত ,
নাহিবি তই..
নাহিবি আকৌ
বেদনা হৈ..

No comments:

Post a Comment