Thursday, 13 February 2014

এবাৰ মাথো কাৰোবাৰ প্রেমত পৰি চোৱা ..

এবাৰ মাথো
কাৰোবাৰ প্রেমত
পৰি চোৱা ..
ভাল লাগিব
কিজানি দুঃখও ..

এবাৰ মাথো
নিজক হেৰুৱাই চোৱা
সকলো বিচাৰি পাবা,
হয়তো নিজকও..

সময়ে সুধিব পাৰে
নোপোৱাৰ ইতিহাস
সময় সদায় তেনেকুৱাই..
এবাৰ মাথো
জোনাকত মৰম
খেপিয়াই চোৱা
পাই যাব
পাৰা কিজানি
এখন আকাশও..

এবাৰ মাথো
কাৰোবাৰ প্রেমত
পৰি চোৱা ..
মাথো এবাৰ ...

No comments:

Post a Comment