Thursday 20 February 2014

আমি সাধাৰণ মানুহ

আমি সাধাৰণ মানুহ, 
সাধাৰণ আমাৰ সপোন.. 
আমি জাৰত কঁপো 
আৰু গৰমত ঘামো ..

আমি কাজিয়া কৰো 
সৰু সৰু কথাত ..
এই ধৰক 
মই হিন্দু ,
তেওঁ মুছলমান ,
মই শিখ আৰু
তেওঁ খ্রীস্টান ..
আমাৰ প্রয়োজনবোৰো
তেনেই তাকৰ..
আপুনি আমাক
প্রায়েই দেখে
দৌৰি ফুৰা ..
জীবিকাৰ সন্ধানত ,
হৃদয়ৰ সন্ধানত আৰু
সুখৰ সন্ধানত ..
আমি আবেগৰ ধুমুহাত
বিধ্বস্ত হওঁ ,
মৰমত উচুপি উঠো
আৰু দুঃখতো..

আমাৰ কাৰণেই
আপোনালোকে আঁচনি বনাই,
দালান সাজে ,
নিজেইও খাই আৰু
সাতপুৰুষকো খুৱাই ..
আমি সাধাৰণ মানুহ..
আমাৰ দুঃখবোৰ বিকি
ধনী হয় আপোনালোক
আমাৰ ধনেৰে আপোনালোকে
বিদেশ ভ্রমণ কৰে,
ৰঙা লাইট থকা
গাড়ীত উঠে আৰু
কোটি কোটি টকাৰ
সপোন কিনে ..

আমিও কান্দো কেতিয়াবা,
আমাৰো দেখোন
সপোন থাকে..
খেতিডৰা য'দি
বানে উটুৱাই ,
ভেটিৰ বলত য'দি
চাকৰিবোৰ হেৰাই ,
আপোন মানুহবোৰ য'দি
সংঘৰ্ষতেই হেৰাই ..
আমিও কান্দো কেতিয়াবা..

আমি কান্দিলে
আপুনি দলিয়াই দিয়ে
এবস্তা ভিক্ষা আৰু
ইমপ'ৰটেত দুঃখ ..
অ' আপুনি বোলে
তদনন্তও কৰে !!
দায় দোষ নধৰিব ,
আমি সাধাৰণ মানুহ..
সাধাৰণ আমাৰ সপোন..

আমাৰ বাবে ন'কৰিব
বেদনাৰ অপলাপ,
আমাৰ বাবে
নেলাগে স'হিব
প্রখৰ ৰ'দৰ আঘাট ,
আমাৰ বাবে
নেলাগে কৰিব আৰু
বেদনাৰ অপলাপ..

ভাবিছো আমি !!
আমাৰ দুঃখবোৰ আমি
নিজেই খেদিম,
দুহাতত আঁকি ল'ম
নাঙলৰ চাপ..
আবেগবোৰ নিলাম
ন'কৰো আৰু ..
ভিক্ষাবোৰো এইবাৰ
দিম ওভতাই ..
আমি সাধাৰণ মানুহ..
সাধাৰণ আমাৰ সপোন..
আমি জাৰত কঁপো
আৰু গৰমত ঘামো ..

No comments:

Post a Comment