Thursday 20 February 2014

উদাৰ আকাশ

সন্মুখত এখন 
উদাৰ আকাশ আৰু
এজাক অভিমানী
তৰাৰ জিলমিল ...
জোনটোও বহি 
ৰয় নিৰলে,
কৈ যায় সি ,
সপোনৰ হেনো
নাথাকে সীমনা,
যিদৰে নাথাকে সীমনা
সঁচা মৰমৰ ...
নিজক ভালপোৱা মানুহবোৰে
লাহে লাহে
আনকো ভালপাবলৈ শিকে
যেতিয়া তৰাবোৰে
চকু টিপিয়াই
জোনটোক জোকাই ...
থিক তেতিয়াই ..

থিক তেতিয়াই
মানুহবোৰো বহল
হৈ পৰে
আকাশখনৰ সমান ..
পোৱা নোপোৱাৰ
বান্ধোনবোৰ সোলোকাই
মানুহবোৰো তেতিয়া
মানুহ হয় ...
সুখৰ জুপুৰীত মাথো
জ্বলি ৰয় এবুকু
ধিমিক ধামাক জোনাক ...

সন্মুখত এখন
উদাৰ আকাশ আৰু
এজাক অভিমানী
তৰাৰ জিলমিল ...

No comments:

Post a Comment