Thursday 20 February 2014

উদাস চৰাই

দুঃখৰ বননিৰ আমি 
উদাস চৰাই, 
কোনে জানে 
আমাৰ বুকুতো জিৰাই , 
মৰমৰ এটা 
সেমেকা তৰাই .. 
আমাৰ উদাসীনতাই
আশ্বস্ত কৰে সিহঁতক ..
সিহঁতে বিচাৰে
পঙ্কিল পৃথিবীৰ
পাথৰ হৃদয় ...
কৈ দিও ব'ল ,
আমিও বুজি পাওঁ,
সিহঁতে নুবুজা
নিসঙ্গ হিয়াৰ
অবুজ ভাষা ...
আমিও বুজি পাওঁ ,
চকুৰ পানীতহে থাকে
সঁচা সকাহ,
অব্যক্ত বেদনাৰ ..
আৰে, আমাৰ
দুঃখবোৰ কি
ধাৰলৈ লোৱা !
নিৰৱতাৰ এখন
কোৱাল নৈত
সাঁতোৰো দেখোন আমি
ওৰেটো নিশা ..
সিহঁতে নাজানে ,
দুঃখৰ ভড়ালবোৰ
সুলভ নহয় ...
সুখৰ সংক্রমণত
হেৰুৱাই নেপেলাও
আমি দুঃখক,
আনৰ দৰে ..

দুঃখৰ বননিৰ আমি
উদাস চৰাই..
আমাৰ বাবেই যে
জোনটোৱে আজিও
মিছিকিয়াই ..
ব'ল,কৈ দিওঁ
সিহঁতক ..
ব'ল...

No comments:

Post a Comment