Wednesday 5 February 2014

হেঙুলীয়া বেলিটোৰ
বোকোচাত উঠি 
ঘৰমুৱা হৈছিল দিনটো ..
নদীখনৰ ৰঙচুৱাবোৰ 
লাহে লাহে
মদৰুৱা হৈছিল ,
মনবোৰ উৰুঙা আৰু
মানুহবোৰ ভাগৰুৱা ..
পথাৰখন এতিয়া নিমাত!
অকলশৰে বহি থাকে
কুৱলীৰ স'তে..
মানুহবোৰো বহি
থাকে কেতিয়াবা
তেনেকৈয়ে ...
বানে মৰা পথাৰখনত
যেতিয়া মাথো
বেদনাই নাচে ,
শুকান বুকুতো নাচে
একেই শূণ্যতাই..
উদং পেটত
কান্দি থাকে সপোনবোৰ
ভোক হৈ ,
ওৰেটো নিশা ...
মানুহবোৰে বুজনি দিয়ে ,
এইবাৰো হেনো
সানিব সেউজীয়া
পথাৰৰ বুকুত ,
নাঙলত মুঠি মাৰি,
একাঠু বোকাত নামি..
এইবাৰো হেনো পথাৰখন
সপোন হ'ব
আৰু ঈশ্বৰ?
ঈশ্বৰ হৈ ৰ'ব
মাথোন বাটৰুৱা ..

মানুহবোৰে হাঁহে
আৰু পথাৰখনেও
ঈশ্বৰ জানো দুখীয়াৰ
দুখীয়া জানো ঈশ্বৰৰ!!

No comments:

Post a Comment