Monday 30 December 2013

সপোন ক'ত থাকে

অকণমানি হাত দুখনত
এখামোচা বালি 
আছিল তাইৰ ..
কেঁকোৰা চুলিত 
লুকা ভাকু খেলি
আছিল বেলিটোৱে .. 
মোক সুধিছিল তাই 
সপোন ক'ত থাকে 
মনত নে আকাশত ?
এই যে ডাৱৰবোৰ 
সিহঁতে বোকোচাত তুলি
লৈ ফুৰে
নেকি উলাহত?
গধুৰ নে সিহঁত
তুমি বাৰু পাৰানে
সপোন কঢ়িয়াব?

উত্তৰবোৰ বেলিটোৰ দৰে
হেৰাইছিল তেতিয়া
মই হেৰাইছিলো
নিজৰ মাজত
কওঁ কেনেকৈ
দুঃখৰ নৈখন
পাৰ হৈ
কিমান দূৰ
আগুৱাব লাগে
সপোন খেদিবলৈ
সপোনবোৰ কিমান গধুৰ
কিমান হেৰুৱায় মানুহে
নিজে নজনাকৈ ...

মুঠিৰ বালিবোৰ
শেষ হৈছিল তাইৰ
মই ক'লো
সপোনবোৰ তাইৰ
এদিন চুব পাৰিব
দুহাত মেলি
তেতিয়ালৈ সিহঁত
সুখেৰে থাকক
ডাৱৰৰ আৰত ...

তাইৰ বাবে
আকাশখন এতিয়া আপোন
মোৰ বাবেও..
হেপাহৰ সপোনবোৰ
ওমলে যে তাত ...

No comments:

Post a Comment