Saturday, 21 December 2013

সোধাই ন'হল

সোধাই ন'হল, 
বহুত কথা 
সোধাই ন'হল.. 
তুমি চুলি 
মেলি ভালপোৱা 
নে বেণী গাঁঠি?
আচলতে ভালকৈ 
চোৱাই ন'হল
মুৰ তুলি..
তোমাক দেখিলেই 
কিয় জানো ,
মাটিৰ সৰাপাতবোৰ
মিতিৰ হৈ পৰিছিল
তোমাক দেখিলেই
কিয় জানো
দূৰৰ চৰাইবোৰ
চিনাকী হৈ পৰিছিল
নিৰৱতাৰ বাঢ়নী পানীত
উতলিছিল এখন কলিজা ..

কি কৰিবা
সোধাই ন'হল নহয়
তুমি চকলেট
খোৱা নে আইচক্রীম
কেতিয়াবা ভাবিছিলো
গণিতৰ বহীতে
লিখি দিম
ভালপোৱাৰ সমীকৰণ
খোজাই ন'হল বহীখন
বহীখন যে তেতিয়া
খোজাই ন'হল..

কেতিয়াবা এতিয়াও যাওঁ
চিনাকী গছজোপাৰ তলতে
এবাৰ বহি চাওঁ
সজীৱ হৈ
পৰে অতীত ,
সজীৱ হৈ
পৰে সময় আৰু
সজীৱ হৈ পৰা
তুমিওঁ ...

সোধাই ন'হল
বহুত কথা
সোধাই ন'হল..

No comments:

Post a Comment